childhood memory ( assamese version)
লৰালি কালৰ কথা
লৰালি
কালৰ কথা মনত পৰিলে জানু আৰু দোনাৰ কথা বৰ কৈ মনত পৰে। ২০০৯ চন- মিলনপুৰত, দোনাহঁতৰ
ঘৰত আমি ভাড়টীয়া হিঁছাপে আছিলো। তাতে জানুহঁতো ভাড়টীয়া হিছাপে আছিল। জানু আৰু দোনা, মোতকৈ প্ৰায় এক
বছৰৰ ডাঙৰ।
ৰিনিকি ৰিনিকি মনত পৰে, মই আৰু দোনা সদায় স্কুল চুটিৰ পাছত ঘৰ-ঘৰ খেলো।
জানুক দেউতাকে ঘৰৰ বাহিৰত ওলাবলৈ নিদিয়ে কেৱল সাস্তি দিলেহে ঘৰৰ বাহিৰ কৰি থয়। সেয়েহে
দোনাৰ লগত ঘৰ-ঘৰ খেলোতে মোৰ প্ৰায়ভাগ সময় গল। পিছে যদি কিবা কাৰনে জানুৱে মোক আৰু
দোনাক ঘৰ-ঘৰ খেলি থকা দেখা পায়, সিঁ মোক মাতি আনি তাৰ SPORTS খেলবোৰত মোক ব্যস্ত কৰি
দিয়ে। আৰু দেউতাকে যেতিয়া তাক খেলাৰ বাবে কানত ধৰি ঘৰৰ
ভিতৰলৈ নিয়ে, মই আকৌ দৌৰ মাৰি দোনাৰ কাষ পাওঁ। এদিন আমি তিনিওতা লোকা-চোৰি খেলি
আছিলো, জানুৰ পাল আছিল আমাক বিচৰাৰ। মই গৈ গাড়ী গেৰেজত লুকালো। পিছে তেনেতে জানুৰ
দেউতাক উপস্থিত হল আৰু তাক কানত ধৰি ঘৰলৈ লৈ গল। দোনাকো মাকে ভাত খাবলৈ লৈ গল। আৰু
মই বেঙা জনি ,গাড়ী গেৰেজতে লুকাই থাকিলো।মোৰ মায়ে গোটেই ঘৰ চলাত কৰি নাপালে।
প্ৰায় এক ঘন্টামান গল এনেকৈয়ে। আবেলি মায়ে মোক গেৰেজত বিচাৰি পালে আৰু মোক কানত
ধৰি ঘৰত উত্তম-মধ্যম দিলে। এতিয়া হলেহেঁতেন, সিহঁতক সুদাই নেৰিলোহেঁতেন।জানু আৰু
দোনায়ে সৰুতে মোক বৰ আমনি কৰিছিল। ঠান্দা দিনত আবেলি, মায়ে মোক ঘৰৰ বাহিৰত গৰম
পানী দি গা ধোৱাই( মোৰ বয়স ৪বছৰ )। বাহিত গা ধোবলৈ মোৰ এনেই
লাজ লাগে , তাতে
আকৌ সিঁহত দুয়োতায়ে মোক আশান্তি কৰিবলৈ দেৱাল পাৰ হৈ মোক চাবলৈ আহে, দুয়োটা নিৰ্লজক বান্দৰ। মা-দেউতায়ে দিল্লিৰ পৰা মোৰ কাৰনে টই-ব্লক আনি দিছিল। জানুৱে সদায়
সুজোক-বুজি সেইবোৰৰ লগত খেলিবলৈ আহে আৰু আনফালে দোনাই, পিছ ফালৰ দৰ্জাৰে আমাৰ
পাকঘৰত সোমাই আমাৰ গাজৰ, ভেন্দি আদি কেচাই কেচাই খাই পেলায়। মনত পৰিলে হাহিঁ উঠে,
দুয়োটাই মোক আনটোৰ লগত খেলাতো সহ্য কৰিব নোৱাৰে, কেই বাৰ যে সিহঁত দুয়োটাৰ পৰা
গালি শুনিব লগা হৈছে।
.....ভাল লাগে সেইবোৰ মনত পেলায়। সেই দিনবোৰেই এজন মানুহৰ
জীৱনৰ সোনালী দিন যাক ঘূৰাই পোৱাটো টান।
বাই- আৰ চৌধুৰী
Janu and Dona, thankyou so much for bring life into me when was a lonely child.
ReplyDelete